Home ৰাজ্যএইবাৰ খোলা গাড়ীত নহয়… মাৰুতি ভেনত গৰু চোৰৰ অভিনৱ কৌশল

এইবাৰ খোলা গাড়ীত নহয়… মাৰুতি ভেনত গৰু চোৰৰ অভিনৱ কৌশল

by News Desk
A+A-
Reset
Untitled-TrueColor-05

তামুলপুৰঃ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ডিমলাপাৰত চোৰাং গৰুসহ মাৰুতি ভেন জব্দ কৰা হয়। যোৱা নিশা তামুলপুৰ আৰক্ষীৰ তহলদাৰী দল এটাই নিশা প্ৰায় ১ বজাত এছ ০১ বি ওবাই ০৮৪১ নম্বৰৰ মাৰুতি ভেন এখন তামুলপুৰ মটঙা চকত প্ৰত্যক্ষ কৰি গাড়ীখন ৰখাবলৈ দিয়াত আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি পলাবলৈ চেষ্টা কৰে। 

শেষত আৰক্ষীয়ে খেদি খেদি তামুলপুৰ ডিমলাপাৰ চকত গাড়ীখন ৰখাবলৈ সক্ষম হয় যদিও গৰু চোৰৰ দলটোৰ লগতে মাৰুতি ভেনখনৰ চালকজন পলাই যায়। আৰক্ষীয়ে তালাচি কৰি গাড়ীখনৰ ভিতৰত ভৰিত বন্ধা অৱস্থা তিনিটা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়। গাড়ী নম্বৰ ওপৰত ভিত্তি কৰি গাড়ীখনৰ গৰাকী বিশ্বজিৎ বিশ্বাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0