50
তামুলপুৰঃ বাক্সা জিলা যক্ষ্মা নিৰাময় বিভাগৰ উদ্যোগত আৰু পাটকীজুলী খ্ৰীষ্ট্ৰান হাস্পতালৰ সহযোগত দেওবাৰে ২৪ মাৰ্চত বিশ্ব যক্ষ্মা দিৱস পালন কৰা হয়৷
আজি ৰাতিপুৰা ১১ বজাত পাটকিজুলী হাস্পতালৰপৰা এক সজাগতা শোভাযাত্ৰাৰে বিশ্ব যক্ষ্মা দিৱসৰ কাৰ্যসুচী আৰম্ভ কৰা হয়৷ স্থানীয় বিভিন্ন বিদ্যালয়ৰ ছাত্ৰী-ছাত্ৰীৰ লগতে বিভিন্ন লোকে হাতে-হাতে প্লে’ কাৰ্ড লৈ অংশ গ্ৰহণ কৰা শোভাযাত্ৰাৰ পিছত পাটকীজুলী ৰাজহুৱা সভাগৃহত অনুস্থিত হয় এক সজাগতা সভা৷