ডিমাকুছিঃ পৃথক ৰাজ্যৰ দাবীত গোৰ্খা আৰু বড়ো জনগোষ্ঠীয়ে কৰিলে একেলগে প্ৰতিবাদ৷ বডোলেণ্ডৰ আৰু গোৰ্খালেণ্ডৰ দাবীত প্ৰতিবাদত নামিল দুটা জনগোষ্ঠী৷ সুকীয়া বড়োৰাজ্যৰ দাবীত তিনিটা দশক ধৰি বড়ো জনগোষ্ঠীয়ে সংগ্ৰাম কৰি আহিছিল যদিও এইবাৰ বড়ো জনগোষ্ঠীৰ সংগ্ৰামত সহযোগ কৰিব ৰাজ্যৰ গোৰ্খাসকলে৷
গোৰ্খা জনগোষ্ঠীৰ সমৰ্থনত আজি ভেৰগাওঁ মহকুমাৰ টংলাতে জোঁৰ সমদল উলিযায় পৃথক বড়ো ৰাজ্য দাবী জনায় সমিতিয়ে। এবছু, পিজেএচিবিএম আৰু এনডিএফবি(প্ৰ)ৰ নেতৃত্বত উলিওৱা এই সমদলত কেইবা হেজাৰ প্ৰতিবাদকাৰীয়ে আমাক বড়োলেণ্ড লাগিবই, বড়োলেণ্ড আমাৰ ন্যায্য দাবী, গোৰ্খালেণ্ড আমি সমৰ্থন কৰো ইত্যাদি শ্ল’গান প্ৰদান কৰে।