ডিফুঃ নিজ সন্তানৰ কেৰিয়াৰক লৈ অভিভাৱকে দিনৰ দিনটো ব্যস্ত থকাৰ উপৰিও সকলো দিশতে ত্যাগ স্বীকাৰ কৰে৷ সন্তানটো যাতে এজন সু-নাগৰিক হিচাপে প্ৰতিষ্ঠিত হ’ব পাৰে তাৰ চিন্তা কৰে পিতৃ-মাতৃয়ে৷ কিন্তু আন আন পিতৃ-মাতৃয়ে সন্তানক যেনেদৰে সময় দিয়ে তেনেদৰে সাংবাদিকসকলে সন্তানক সময় দিব নোৱাৰে। কিন্তু এগৰাকী সংবাদিক কন্যা তান্নাজ ব্যতিক্ৰম৷ তান্নাজৰ পিতৃ এগৰাকী সাংবাদিক৷ সাংবাদিক হোৱাৰ বাবেই তান্নাজৰ পিতৃয়ে বাতৰি সংগ্ৰহৰ বাবে দিনৰ দিনটো ব্যস্ত থাকিবলগীয়া হৈয়৷
দিব নোৱাৰা সাংবাদিক পিতৃৰ সময় অবিহনে তান্নাজে সুখ্যতিৰে সফলতা কঢ়িয়াই আনে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “বেটি বাচাও, বেটি পঢ়াও” শ্লোগানক শিৰোগত কৰি ২০১৭ বৰ্ষৰ বাবে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰতিভা সম্পন্ন ছাত্ৰী সকলক বঁটা প্ৰদান কৰাৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগত গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বঁটা প্ৰদান অনুষ্ঠান৷