ডিজিটেল ডেস্কঃ একবিংশ শতিকতো দেশত অন্ত পৰা নাই অন্ধবিশ্বাসৰ। ২২ বৰ্ষীয় পুত্ৰৰ ‘প্ৰাণবায়ু’ ঘুৰাই আনিবলৈ অসহায় পৰিয়ালে অন্ধবিশ্বাসৰ আশ্ৰয় লোৱা শেহতীয়া এক ঘটনাই সংবাদমাধ্যমত খলকনি তুলিছে।
ৰাজস্থানৰ কোটা চহৰত নিউ মেডিকেল হস্পিতালত আইচিইউত থকা হেমৰাজ নামৰ যুৱকজনৰ মৃত্যুৰ পিছত ৪ ঘণ্টালৈকে পৰিয়ালবৰ্গ আইচিইউতে বহি থাকিল। বুধবাৰে নিশা হেমৰাজ মৃত বুলি ঘোষণা কৰাৰ পিছত হস্পিতালৰ কৰ্তৃপক্ষই ভেণ্টিলেটৰ চাপ’ৰ্ট আঁতৰাবলৈ চেষ্টা কৰিবলৈ বিচাৰে যদিও অমান্তি হয় পৰিয়ালবৰ্গ। শোকস্তব্ধ পৰিয়ালেৰ মন্তব্য-‘তাক আমনি নিদিব, সি তেতিয়া ঘুৰি আহিব’।