Home ৰাজ্যআৰ টি আই কৰ্মী দুলাল বৰাৰ তৰুন গগৈৰ বিৰুদ্ধে অপৰাধ আৰু প্ৰৱঞ্চনাৰ গোচৰ

আৰ টি আই কৰ্মী দুলাল বৰাৰ তৰুন গগৈৰ বিৰুদ্ধে অপৰাধ আৰু প্ৰৱঞ্চনাৰ গোচৰ

by News Desk
76 views
A+A-
Reset

newsnextone১১অক্টোবৰ,গুৱাহাটীঃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈৰ বিৰুদ্ধে এটি গোচৰ ৰজু হৈছে৷ আৰ টি আই কৰ্মী দুলাল বৰাই গুৱাহাটীৰ দিশপুৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ পাঁচটা ধাৰা 120(b), 420, 406, 409 আৰু 34 ৰ অধীনত এটা গোচৰ ৰজু কৰে৷ এই গোচৰটোৰ নম্বৰ হৈছে ২৮৫৯/১৮ ৷ এই গোচৰটোত প্ৰাক্তন বস্ত্ৰ আৰু হস্ততাত মন্ত্ৰী বিস্মিতা গগৈ আৰু সেই সময়ৰ ৰাজ্য চৰকাৰৰ মুখ্য সচিব ভি.কে.পিপাৰচেনিয়াৰো নামো আছে৷
উল্লেখযোগ্য যে ২০১৫ চনত তৰুন গগৈৰ কংগ্ৰেছ চৰকাৰে বিধান সভাৰ নিৰ্বাচনৰ আগে আগে সূতা আৰু কম্বলৰ বিতৰন আঁচনিৰ অধীনত ১২৫ কোটি টকাৰ সূতা আৰু তম্বল কিনিছিল৷ আৰ টি আই কৰ্মী দুলাল বৰাই আৰ টি আই কৰি পোৱা তথ্য অনুসৰি কোনো ধৰনৰ নীতি নিয়ম নমনাকৈ সেই সময়ৰ গগৈ চৰকাৰে সেই সূতা-কম্বল কিনিছিল৷ আনকি সূতা-কম্বল কিনিবৰ বাবে হোৱা নিৱিদাত আটাইতকৈ কম মূল্যত যোগান ধৰিবলৈ নিৱিদা দাখিল কৰা যোগনিয়াৰৰ পৰা এই সূতা-কম্বলবোৰ নিকিনি চৰকাৰখনে অধিক মূল্যত অন্য যোগানিয়াৰৰ পৰাহে এই সূতা-কম্বল সমূহ কিনি ৰাইজক যোগান ধৰিছিল৷


এইদৰে সকলো ধৰনৰ নীতি নিয়ম জলাঞ্জলি দি ঠগ প্ৰৱঞ্চনা আৰু বিশ্বাস ভঙ্গ কৰাৰ অভযোগ আনি ৰাজ্যখনৰ আৰ টি আই কৰ্মী দুলাল বৰাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈ,প্ৰাক্তন বস্ত্ৰ আৰু হস্ততাত মন্ত্ৰী বিস্মিতা গগৈ আৰু সেই সময়ৰ ৰাজ্য চৰকাৰৰ মুখ্য সচিব ভি.কে.পিপাৰচেনিয়াৰ বিৰুদ্ধে আজি দিছপুৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ পাঁচটা ধাৰা 120(b), 420, 406, 409 আৰু 34 ৰ অধীনত ২৮৫৯/১৮ নম্বৰ গোছৰতো ৰজু কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0