কোকৰাঝাৰঃ কোকৰাঝাৰৰ তিতাগুৰিত দিন-দুপৰতে সংঘটিত হোৱা লাফিকুল ইছলাম আহমেদ হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত থকাৰ সময়তে ছালাকাটিস্থিত লাফিকুলৰ বাসগৃহত আজি উপস্থিত হয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ এটি সঁজাতি দল। গুৱাহাটীৰ পৰা নামনিমুৱা ৰাজধানী এক্সপ্ৰেছযোগে কোকৰাঝাৰত উপস্থিত হোৱাৰ পিছতে পোনে পোনে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰাক্তন মন্ত্ৰী ক্ৰমে ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়ক ৰেকিবুদ্দিন আহমেদে লাফিকুলৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে।
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সহিতে কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে সুকীয়া সুকীয়াভাৱে লাফিকুলৰ পিতৃ-মাতৃ, ভগ্নী আৰু ভাতৃৰ সৈতে বিষয়টো সন্দৰ্ভত আলাপ-আলোচনাত মিলিত হয় আৰু শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে। কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে এবিএমছুৰ প্ৰতিনিধি দলৰ সৈতেও আলোচনাত মিলিত হয় আৰু উক্ত আলোচনাকালতে এবিএমছুৱে লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ পিছৰে পৰা বৰ্তমানলৈকে সকলো পৰিৱেশ পৰিস্থিতিৰ কথা বিতংভাৱে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক অৱগত কৰে।