ড়িজিটেল ডেস্কঃ ইণ্ডিয়া ক্লাৱত পুত্ৰক কাষত বহুৱাই শনিবাৰে সংবাদ মেল অনুষ্ঠিত কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে৷ সংবাদমেল সম্বোধন কৰিয়ে স্বাভাৱসুলভ ভংগীমাৰে বিজেপি নেতৃত্বাধীন কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ বিৰুদ্ধে খোচ্ছাৰ হৈ পৰে গগৈ৷ এই চৰকাৰ সকলো দিশতে ফেইল বুলি কয় গগৈয়ে৷
কৃষি খণ্ডৰ পৰা আৰম্ভ কৰি উদ্যান শস্যলৈকে সকলোতে বিজেপি নেতৃত্বাধীন চৰকাৰ বিফল বুলিও কয় গগৈয়ে৷ আমিও পলিটক্স কৰো কিন্তু এনে পলিটক্স নকৰো যাৰ পৰা মানুহৰ ক্ষতি হয়৷ তেওলোকে চাকৰি দিম বুলি কৈ দিব নোৱাৰিলে৷ আমি ইঞ্জিনিয়াৰ কলেজ বনালো৷