56
যোৰহাটঃ “ৰাজ্যৰ সকলো দুৰ্নীতিগ্ৰস্ত লোক যোৰহাটলৈ আহক৷ যোৰহাটলৈ আহিলে দুৰ্নীতিগ্ৰস্তসকল হয় ভাল হ’ব, নহয় জেললৈ যাব৷” ৰাজ্যৰ দুৰ্নীতিগ্ৰস্ত আমোলা-বিষয়া-কৰ্মচাৰীসকলক এই আহ্বান জনাইছে যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই।
শনিবাৰে যোৰহাটত এই মন্তব্য আগবঢ়াই তাছাই সাংবাদকিৰ আগত কয় যে দুৰ্নীতিৰ প্ৰতি চৰকাৰে শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে। গতিকে দুৰ্নীতি কৰি সাৰি যোৱাতো কোনো দুৰ্নীতিপৰায়ণৰ পক্ষে সম্ভৱ নহ’ব।