নতুন দিল্লীঃ টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটা আৰু উপাধ্যক্ষ বিজয় সিঙক সাক্ষ্যাৎ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
কৰ্কট চিকিৎসালয়ৰ সন্দৰ্ভত আলোচনাত মিলিত হিমন্ত বিশ্ব শৰ্মা৷ ৰাজ্যত কৰ্কট চিকিৎসালয়সমূহৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণৰ কাম আৰম্ভ বিষয়ে আলোচনা টাটাৰ সৈতে আলোচনা কৰে৷
নিৰ্মাণ সম্পূৰ্ণ হ’লে এই চিকিৎসালয়কেইখনে কৰ্কট ৰোগীসকলক যথেষ্ট উপকৃত কৰিবলৈ সক্ষম হ’ব বুলি জানিবলৈ দিছে। আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ প্ৰকল্প আৰু কাম-কাজৰো পৰ্যালোচনা কৰে বৈঠকখনত৷
আনহাতে, আগন্তুক ১২-১৫ মাহৰ ভিতৰত ৰাজ্যিক কেঞ্চাৰ প্ৰতিষ্ঠানৰ সম্প্ৰসাৰণৰ উপৰি ১০ টা কৰ্কট কেন্দ্ৰৰ শুভাৰম্ভ হ’ব বুলি ছ’চিয়েল মিডিয়া যোগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে৷