মুম্বাইঃ সমগ্ৰ বিশ্বতে বিয়পি পৰিছে কৰ’না ভাইৰাছৰ আতংক। লকডাউনত আৱদ্ধ প্ৰায় প্ৰতিখন দেশ। কৰ’নাৰ বিৰুদ্ধে যুদ্ধৰ বাবে বিশেষ পুঁজিৰ ব্যৱস্থা কৰিছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে। সাধ্যমতে সক্ষমসকলক সহায়ৰ হাত আগবঢ়াবলৈকো আহ্বান জনোৱা হৈছে।
ইয়াৰ মাজতে দেশৰ কৰ’না আক্ৰান্তসকলক চিকিৎসাৰ বাবে তথা মহামাৰীবিধৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সহায়ক হোৱাকৈ সহায় কৰিবলৈ আগবাঢ়ি আহিছে টাটা গোষ্ঠী। শনিবাৰে এক টুইটৰ জৰিয়তে ইয়াৰ বাবে ₹৫০০ কোটিৰ অনুদান ঘোষণা কৰিছে টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাই।