বৰক্ষেত্ৰীঃ তৌফিক তেতিয়া উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ। আন দহ গৰাকী ছাত্ৰৰ দৰে তেওঁ সপোন দেখিছিল উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ স্নাতকত নামভৰ্তি কৰিব। তৌফিকৰ সপোন আছিল পঢ়ি-শুনি ডাঙৰ মানুহ হোৱাৰ৷
কিন্তু তৌফিকৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতে সকলো সপোন চূৰমাৰ হৈ গ’ল৷ পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে তৌফিকৰ পিতৃৰ মৃত্যু হয়৷ এসাজ ভাত, সন্তানৰ পঢ়া-শুনাৰ খৰছৰ বাবে সংগ্ৰাম কৰিছিল তৌফিকৰ পিতৃয়ে৷ হঠাৎ পৰিয়ালটোৰ উপাৰ্জনকাৰীৰ মৃত্যুত পুত্ৰ তৌফিকে পৰিয়ালৰ সমস্ত দায়িত্ব ল’বলগীয়াত পৰে৷