গুৱাহাটীঃ মহানগৰীৰ গ্ৰেনেড বিস্ফোৰণত অভিযুক্ত অভিনেত্ৰী জাহ্নৱী শইকীয়া আৰু প্ৰাণময় ৰাজগুৰু স্বীকাৰৰ ভিত্তিত শুকুৰবাৰে গোলাঘাটৰ মেৰাপানীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পুৰণি আলফা কেডাৰ অমৃত বল্লভ গোস্বামী, নগাঁৱৰ পুৰণিগুদামত গ্ৰেপ্তাৰ হোৱা চামগুৰিৰ ইন্দ্ৰমোহন বৰা আৰু শনিবাৰে পুৱা গুৱাহাটীত গ্ৰেপ্তাৰ হোৱা আলফা (স্বা) নতুন সদস্য চিন্ময় লহকৰক কটকটীয়া নিৰাপত্তাৰ মাজেৰে হাজিৰ কৰোৱা হয় কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত।

আদালতত হাজিৰ কৰোৱা পূৰ্বে তিনিওজন অভিযুক্তৰে স্বাস্থ্য পৰীক্ষাৰ কৰোৱা হয়। তাৰ পাছত হাজিৰ কৰোৱা হয় আদালতত। আৰক্ষীয়ে তিনিওগৰাকীৰ অভিযুক্তকে ১৪ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰিলি যদিও আদালতে ১০ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

ইফালে আজি মাহৰ দ্বিতীয় শনিবাৰ হোৱা বাবে আদালতৰ কাম কাজ বন্ধ আছিল যদিও তিনি অভিযুক্তক হাজিৰ কৰাব লগা হোৱাত বিয়লি ৪ বজাত জৰুৰীকালীনভাৱে খোলা হয়।

পুৱা তিনিওগৰাকীৰ বিস্ফোৰণৰ সৈতে জড়িত অভিযুক্তক লৈ অনা হয় লতাশিল আৰক্ষী থানালৈ। তাতে আৰক্ষী যুটীয়া আয়ুক্ত দেৱৰাজ উপাধ্যায় লগতে আৰক্ষীৰ কেইবাগৰাকীও শীর্ষ বিষয়াই তিনি অভিযুক্তক সোধ-পোচ চলায়।

উল্লেখ যে তিনিও গৰাকীৰ বিৰুদ্ধে গীটানগৰ থানাত ২১০/১৯ নম্বৰত গোচৰ ৰুজু হৈছে।