গুৱাহাটীঃ দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সফল সমাপ্তিৰ পাছত অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।
তাৰ বাবে দেওবাৰে সন্ধিয়া আনুষ্ঠানিকভাৱে সামৰণি পৰে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ। দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰো ৪টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব এই তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।
সেই অনুসৰি কোকৰাঝাৰ, বৰপেটা, ধুবুৰী আৰু গুৱাহাটীৰ লোকসভাৰ সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। উল্লেখ যে চাৰিটা সমষ্টিত মুঠ ৫৪ গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭৪,৭৭,০৬২ গৰাকীৰ ভোটাৰে। তাৰে ৩৮,১৫,৩৩৫ জন পুৰুষৰ বিপৰীতে ৩৬,৬১,৫৭০ গৰাকীৰ মহিলা ভোটাৰ আছে।
ইয়াৰ উপৰিও আছে ১৫৭ গৰাকীৰ তৃতীয় লিংগ ভোটাৰ। উল্লেখ যে চাৰিটা সমষ্টিত মুঠ ৯,৫৭৭ টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।
তাৰে ১৪৭ টা ভোটকেন্দ্ৰৰ পৰিচালনা কৰিব কেৱল মহিলা নিৰ্বাচনী বিষয়া-কৰ্মচাৰীয়ে। সেই অনুসৰি ধুবুৰীত ২৯ টা, কুকুৰাঝাৰত ১১ টা, বৰপেটাত ২৮ টা আৰু গুৱাহাটীত ৭৯ টা ভোটকেন্দ্ৰ পৰিচালনা কৰিব মহিলাই। আনহাতে চাৰিটা সমষ্টিত আদর্শ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ১২৫টা। তাৰে ধুবুৰীত ৫৫, কোকৰাঝাৰত ১৯, বৰপেটাত ২৭টা আৰু গুৱাহাটীত ২৪ টা।
আনহাতে দুৰ্গম ভোটকেন্দ্ৰৰ হিচাপে চিহ্নিত হৈছে ৫২৪টা ।তাৰে ধুবুৰীত ৩১৪টা বৰপেটাত ১৪০টা,গুৱাহাটীত ৭০টা।
ভোটগ্ৰহণ পৰিচালনা কৰাৰ বাবে মুঠ ৩৮,৩০৮ জন বিষয়া-কৰ্মচাৰী নিয়োগ কৰাৰ হৈছে। ইয়াৰ উপৰিও নিৰাপত্তাৰ দায়িত্ব থাকিব নিৰাপত্তা বাহিনী ২০০টা কোম্পানী। একেদৰে ক্ষেত্ৰভিত্তিক পৰ্যৱেক্ষক দায়িত্ব থাকিব ৪৩৬ জনৰ বিপৰীতে সাধাৰণ পয্ৱেক্ষকৰ দায়িত্ব থাকিব ৫ জন।
আনহাতে নিৰ্বাচনীৰ ব্যয়ৰ পৰ্যবেক্ষণৰ দায়িত্ব থাকিব ৪ জন আৰু আৰক্ষীৰ পৰ্যাৱেক্ষনৰ দায়িত্ব থাকিব ৩ জন বিষয়া। আনহাতে ফ্লায়িং স্কোৱাদৰ দল থাকিব ১২৫ টা। ইয়াৰ উপৰিও ভোটকেন্দ্ৰসমূহ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে নিৰীক্ষণ কৰাৰ বাবে ৮৩ টা বিশেষ দল থাকিব।
আনহাতে ২১ এপ্ৰিললৈকে ৰাজ্যত মুঠ ১,৭৩,৩০৬,৫৮ লিটাৰ সুৰা জব্দ কৰাৰ বুলিও জানিবলৈ দিছে প্ৰশাসনে। জব্দ কৰাৰ সুৰাখিনি মূল্য ১,৪৯,৪২,২৮০ টকা। একেদৰে ২১ এপ্ৰিললৈকে ১২,৮৪,৪০,০৪১ টকা নগদ ধন জব্দ কৰাৰ বুলিও জানিব দিছে প্ৰশাসনে।