গুৱাহাটীঃ দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনৰ সম্পূৰ্ণ ফলাফল ঘোষণা নৌহওঁতেই ৰাজ্যিক বিজেপিত দেখিবলৈ পোৱা গৈছে এক উৎসৱমুখৰ পৰিৱেশ।
কিন্তু তাৰ বিপৰীতে বিজেপিৰে মিত্ৰতা অংশীদাৰ অসম গণ পৰিষদৰ মুখ্য কাৰ্যলয়ত নিমাও-মাও পৰিৱেশ। দলটোৱে বিজেপিৰে মিত্ৰতা কৰি কলিয়াবৰ, বৰপেটা আৰু ধুবুৰীত নিজৰ প্ৰাৰ্থী থিয় কৰাইছিল। কিন্তু অতি দুৰ্ভাগ্যজনক কথা তিনিওটা সমষ্টিতে অগপ প্ৰাৰ্থী বৰ্তমান সময়ত জয়ী হোৱা আশা ক্ষীণ হোৱা পৰিলক্ষিত হৈছে।
কলিয়াবৰ আৰু বৰপেটাত অগপ প্ৰাৰ্থী দুগৰাকীয়ে ভোটাগণনা প্ৰথম পৰ্যায়ত কংগ্ৰেছৰ প্ৰাৰ্থী দুগৰাকীতকৈ আগবাঢ়ি দলটোৰ প্ৰতি আশা কঢ়িয়াই আনিছিল যদিও বৰ্তমান দুয়োটা সমষ্টিৰে অগ্ৰগতি ছবিখন সম্পূৰ্ণ বিপৰীত হৈ পৰিছে।
দুয়োটা সমষ্টিতে শেহতীয়া খবৰ অনুসৰি কংগ্ৰেছ দুয়োগৰাকী প্ৰাৰ্থী প্ৰথম অগপ প্ৰাৰ্থী দুগৰাকীতকৈ বৃহৎ সংখ্যক ভোটত আগবাঢ়ি আছে। এই খবৰে এতিয়া অগপ কাৰ্যলয়ত এক নিমাও-মাও পৰিৱেশৰ সূচনা কৰিছে।
আনফালে এই পৰ্যন্ত আঞ্চলিক দলটোৰ কাৰ্যলয়ত দলটোৰ কেইগৰাকীমান কর্মী উপস্থিত থকাৰ বাহিৰে নাই দলটোৰ কোনো শীর্ষ নেতৃত্ব।