52
গুৱাহাটীঃ অসম গণ পৰিষদে পুনৰ বিজেপিৰ লগত মিত্ৰতা কৰাত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অগপৰ সন্দৰ্ভত ইয়াৰ পূৰ্বে থকা স্থিতি সলনি কৰিছে।
নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰোধিতাৰে যোৱা জানুৱাৰী মাহত বিজেপি সৈতে অগপই মিত্ৰতা ভংগ কৰাত কৃষক মুক্তিসহ ৭০টাকৈ জাতীয় সংগঠনে অগপ সভাপতি অতুল বৰাক আনুষ্ঠানিকভাৱে প্ৰস্তাৱ দিছিল যে আগন্তক লোকসভাৰ নিৰ্বাচনত অগপক তেওঁলোকে সম্পূৰ্ণ সমৰ্থন কৰিব।