51
গুৱাহাটীঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দায়িত্ব দিয়া অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাৰ দক্ষতাক লৈ প্ৰশ্ন তুলিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।
শনিবাৰে এক সমবাদমেল সম্বোধন কৰি সংগঠনটোৰ উপদেষ্টা অখিল গগৈয়ে কয় যে অতিৰিক্ত মুখ্য সচিবজনক যোৱা ৫ ছেপ্টেম্বৰত ব্ৰহ্মপুত্ৰত সংঘটিত নাও দুৰ্ঘটনাৰ তদন্তভাৰ জিষ্ণু বৰুৱাকে দিয়া হৈছিল যদিও এই তদন্তৰ প্ৰতিবেদন এতিয়াও দাখিল কৰাত তেওঁ ব্যৰ্থ হৈছে।