নতুন দিল্লীঃ উচ্চতম ন্যায়ালয়ত পুনৰ ক্ষমা খুজিলে ৰাজ্যৰ মুখ্য সচিব আলোক বাৰ্মাই। এইবাৰ ৰাজ্যৰ ডিটেনচন কেম্পসমূহৰ আবদ্ধ হৈ থকা বিদেশীৰ প্ৰতি দৰদ ওপজাত উচ্চতম ন্যায়ালয়ত ক্ষমা খুজিব লগা হ’ল মুখ্য সচিবজনে।
উল্লেখ যে মানৱ অধিকাৰ কর্মী হৰষ মাণ্ডেৰে অসম ডিটেনচন কেম্পসমূহত আবাসীক সকলৰ মানৱ অধিকাৰ সুৰক্ষিত নহয় বুলি কিছুদিনৰ পূৰ্বে উচ্চতম আদালতখনৰ কাষ চাপিছিল। মানৱ অধিকাৰ কর্মীজনৰ উক্ত আবেদনৰ শুনানিৰ বাবে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধী ৰঞ্জন গগৈৰ নেতৃত্বত গঠন কৰা হৈছে তিনিজনীয়া বিচাৰপীঠ।