গুৱাহাটীঃ অৱশেষত নিশ্চিত হ’ল অহা ৯ জুনত খালী হ’বলগীয়া ৰাজ্যসভাৰ আসনৰ দুখনৰ এখন আসন মিত্ৰতা সূত্ৰে অগপই লাভ কৰাটো। যোৱা তিনিদিন ধৰি দিল্লীত বিজেপি শীর্ষ নেতৃত্বৰে আলোচনাৰ অন্তত অহা ৯ জুনত খালী হ’বলগীয়া ৰাজ্যসভাৰ দুখন আসনৰ দ্বিতীয় আসন লাভ কৰিব অগপই।
উল্লেখ যে অগপই লাভ কৰা আসনখনত অগপ প্ৰাৰ্থী হিচাপে ৰাজ্যসভালৈ প্ৰক্ষেপ কৰা হ’ব দলটোৰ শীর্ষ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক। এই কথা নতুন দিল্লীত অগপ শীর্ষ নেতৃত্বই নিশ্চিত কৰিছে।