50
গুৱাহাটীঃ লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পাছতে সোমবাৰে গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত নাগৰিকত্ব আইন সংশোধনী বিধেয়কবিৰোধী মঞ্চই অনুষ্ঠিত কৰে “অসমক বচাওক, ভাৰতক বচাওক, বি জে পিক উৎখাত কৰক” শীৰ্ষক এক ৰাজ্যিক অভিৱৰ্তন।
দিনৰ ১১ বজাৰপৰা অনুষ্ঠিত উক্ত অভিৱৰ্তনত উপস্থিত থাকে ৰাজ্য প্ৰতিটো বিৰোধী ৰাজনৈতিক দলৰ প্ৰতিনিধি, জাতীয়-দল সংগঠনৰ প্ৰতিনিধি তথা শিল্পী-সাহিত্যক, লেখক-বুদ্ধিজীৱীৰ লগতে ভালে সংখ্যক সমাজ সচেতন লোক।