গুৱাহাটীঃ ধনৰ বিনিময়ত চাকৰি দিয়াৰ প্ৰলোভনেৰে ৰাজ্যৰ বহু নিবনুৱাৰপৰা টকা সংগ্ৰহ কৰা প্ৰৱঞ্চকক হাতে-লোটে কাৰায়ত্ত কৰা হয় গুৱাহাটীত। শুকুৰবাৰে নিশা দিছ্পুৰ ছুপাৰ মাৰ্কেটত ৰাইজে কাৰায়ত্ত কৰা প্ৰৱঞ্চকটোৰ নাম নুৰ ইছলাম লস্কৰ। ধৃত নুৰ ইছলামৰ ঘৰ শিলচৰত।
উল্লেখ যে ধৃত প্ৰৱঞ্চকটোৱে নিবনুৱা যুৱকক চাকৰিৰ দিয়াৰ নামত সংগ্ৰহ কৰিছিল ৫০ৰপৰা ৫৫ হাজাৰ টকাকৈ। নলবাৰী, বৰপেটা, মুকালমুৱা আদিৰ বহু যুৱকক ডুবাইত চাকৰিৰ দিয়াৰ প্ৰলোভনেৰে প্ৰৱঞ্চক নুৰ ইছলাম লস্কৰে সংগ্ৰহ কৰিছিল ধন।