66
গুৱাহাটীঃ সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে ছয় গৰাকীকৈ মেধাৱীৰে শীর্ষ দহটা স্থানত উজ্বলি উঠা গুৱাহাটী কেচি দাস কমাৰ্চ কলেজৰ উত্তীৰ্ণৰ হাৰ ৯৯ শতাংশ।
উল্লেখ যে এইবাৰ মহাবিদ্যালয়খনৰপৰা মুঠ ৩১১ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱত্তীৰ্ণ হৈছিল। তাৰে ১২৫ গৰাকী ছাত্ৰ-ছাত্ৰী ষ্টাৰ মাৰ্ক, ২৪৬ গৰাকীৰ প্ৰথম বিভাগ, ৪১ গৰাকীৰ দ্বিতীয় বিভাগ আৰু ২১ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে।