গুৱাহাটীঃ উত্তৰ-পূব তথা অসমৰ পৰ্যটনৰ ক্ষেত্ৰখনক এক নতুন মাত্ৰা প্ৰদানৰ লক্ষ্যৰে এজন অসমীয়া যুৱকৰ এক ব্যতিক্ৰমী প্ৰয়াস কৰিছে। যুৱকজনৰ নাম বিশ্বজিৎ বেজবৰুৱা। যোৱা ১৬ ফেব্ৰুৱাৰীৰপৰা বিশ্বজিতে অসমৰ পৰ্যটনক এক নতুন মাত্ৰা প্ৰদান কৰাৰ লক্ষ্যৰে আৰম্ভ কৰিছে শদিয়াৰপৰা ধুবুৰীলৈ এক চাইকেল যাত্ৰা। 

১৬ ফেব্ৰুৱাৰীত এই যাত্ৰা আৰম্ভ কৰি বিশ্বজিত আহি সোমবাৰে উপস্থিত হৈয়হি গুৱাহাটীত। গুৱাহাটীত উপস্থিত হৈয়ে তেওঁ যাত্ৰা সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে গুৱাহাটী প্ৰেছ ক্লাবত। তেওঁ কয় উত্তৰ-পূবৰ পৰ্যটনৰ দিশটোত বিদেশী পৰ্যটকক আকর্ষণ কৰাৰ বাবে তেওঁ এই প্ৰচেষ্টা গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও তেওঁ উল্লেখ কৰে অসমৰ পৰ্যটনৰ বাবে চাইক্লিৰ সম্ভাৱনা থকা কথা।

আনহাতে অতিক্ৰম কৰি অহা ৬০০ কিঃ মিঃ পথৰ সন্দৰ্ভত তেওঁ উল্লেখ কৰি কয় যে উজনি অসমৰ পথৰ দুৰৱস্থাই তেওঁ চাইক্লিঙত অসুবিধাৰ সৃষ্টি কৰিছে।

আনহাতে তেওঁ জানিবলৈ দিয়ে যে অহা ১৪ মাৰ্চ তাৰিখে তেওঁ গন্তব্য স্থান ধুবুৰীত গৈ উপস্থিত হ’ব।