গুৱাহাটীঃ কোষাগাৰৰ হেমাহি বাবে মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিৰ ধন আজিও পাবলৈ সক্ষম হোৱা নাই হিতাধিকাৰীসকলে।

যোৱা মাৰ্চ মাহৰ ১২ তাৰিখে ৰাজ্য সমাজ কল্যান বিভাগে বিল নং ৩৭৫, ৩৯৫ আৰু ৪১০ জৰিয়তে মুঠ ২৯ কোটি ৫৪ লাখ ৬০ হাজাৰ টকা হিতাধিকাৰীসকলক প্ৰদান কৰাৰৰ বাবে বামুনীমৈদামস্থিত নিউ গুৱাহাটী কোষাগাৰলৈ প্ৰেৰণ কৰিছিল।

কিন্তু দুৰ্ভাগ্যৰ কথা এই যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোষাগাৰ বিভাগৰ একাংশ কৰ্মচাৰীৰ হেমাহিৰ বাবে আজি পৰ্যন্ত পোৱা নাই ৰাজ্যৰ প্ৰতিবন্ধীসকলে। এই দাবী প্ৰতিবন্ধী সুৰক্ষাৰ সংস্থা, অসমৰ সম্পাদক নিপেন মালাকাৰৰ। মালাকাৰে লগতে জানিবলৈ দিয়ে যে নিয়ম অনুসৰি যোৱা ৩১ মাৰ্চৰ ভিতৰতে হিতাধিকাৰীসকলে পাব লাগিছিল আঁচনিৰ ধন।

আনহাতে এই প্ৰাপ্য ধনৰাশি কোষাগাৰ কৰ্তৃপক্ষৰ হেমাহিৰ বাবে আজি পৰ্যন্ত ২৪,৬১০ গৰাকী প্ৰতিবন্ধীয়ে লাভ নকৰাত আজি বামুনীমৈদামস্থিত নিউ গুৱাহাটীৰ কোষাগাৰৰ বিষয়া তফজুল হুছেইনক প্ৰায় অৰ্ধ শতাধিক লোকে কাৰ্যলয় ভিতৰতে দিনৰ ১১ বজাৰপৰা ২.৩০ বজাৰ পৰ্যন্ত আবদ্ধ কৰি ৰাখি পৰিস্থিত উত্তপ্ত কৰি তোলে।

পাছত চান্দমাৰী থানাৰ আৰক্ষীৰ গৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু কোষাগাৰ বিষয়া তফজুল হুছেইনে প্ৰতিবদ্ধীসকলৰ ধনৰাশি অতি সোনকালে উৰ্ধতন কৰ্তৃপক্ষৰ লগত আলোচনা কৰি মুকলি কৰা দিয়া হ’ব বুলি লিখিত প্ৰতিশ্ৰুতি দিয়াত হিতাধিকাৰী শান্ত হয়।