61
গুৱাহাটীঃ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ১০০ শতাংশ উত্তীৰ্ণৰে পূৰ্বৰ গৰিমা অক্ষুন্ন ৰাখিলে গুৱাহাটীৰ কমাৰ্চ কলেজে।
২০১৯ বর্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বাণিজ্য মহাবিদ্যালয়খনত উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ। উল্লেখ যে বাণিজ্য শাখাৰ মহাবিদ্যালয়খনৰপৰা এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱত্তীৰ্ণ হৈছিল ৪৩৪ গৰাকীৰ পৰীক্ষাৰ্থী। উত্তীৰ্ণ হৈছে আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে।