![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/Hiren-Gohain.jpg?itok=VfXJ1L9b)
গুৱাহাটীঃ গুৱাহাটী লোকসভা সমষ্টিত পুৱাৰ ভাগতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে বিশিষ্ট চিন্তাবিদ ডক্টৰ হীৰেণ গোহাঁয়ে।
ডঃ গোহাঁয়ে ভোটাধিকাৰ সাব্যস্ত কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। বিশেষকৈ সোমবাৰে পশ্চিমবংগৰ এখন নিৰ্বাচনীৰ সভাত অংশগ্ৰহণ কৰি 'কেব’ আৰু এনআৰচি সন্দৰ্ভত যি বিৰূপ মন্তব্য প্ৰকাশ কৰিছিল, সেই সন্দৰ্ভত তেওঁ কয় বিজেপিয়ে 'কেব’ গৃহীত কৰি এনআৰচিৰ উদ্দেশ্য ব্যাহত কৰিব বিচাৰিছে।
ছয় বছৰীয়া অসম আন্দোলন পাছত খিলঞ্জীয়াৰ অসমীয়াৰ স্বকীয়তা ৰক্ষাৰ কৰাৰ লগতে ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে বাস্তৱসন্মতভাৱে কৰা হৈছে এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়া। সমগ্ৰ দেশৰ ভিতৰত প্ৰথম অসমতে আৰম্ভ কৰা হৈছিল এনআৰচি উন্নীতকৰণৰ কাম। যিসকল লোকে 'কেব’ক লৈ আন্দোলন কৰিছিল, সেইসকলে আজি 'কেব’ক বিৰোধিতা কৰিছে।
আনহাতে তেওঁ কয়, কেবৰ উদ্দেশ্য হৈছে বাহিৰৰ কিছুসংখ্যক ব্যক্তিক আনি, বিশেষকৈ বাংলাদেশী হিন্দু আনি অসমত অসমীয়াৰ অস্তিত্বৰ আৰু স্বকীয়তা ব্যাহত কৰা। লগতে ৰাইজক উদেশ্য কৰি ভোটকেন্দ্ৰৰপৰাই বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে কয় এনআৰচি আগতে 'কেব’ গৃহীত কৰিম বুলি কওতে ৰাইজে বুজি পোৱা উচিত বিজেপিৰ প্ৰকৃত স্বৰূপ।
আনহাতে গোঁহাইক সাংবাদিকে প্ৰশ্ন কৰি কয় যে উচ্চতম ন্যায়ালয়ে এনআৰচি বাবে যি নিৰ্দিষ্ট দিন ধাৰ্য কৰি থৈছে। যদি বিজেপিয়ে কেব প্ৰথম গৃহীত কৰিব বিচাৰে তেন্তে এনআৰচি দিন পিচুৱাব পাৰে নেকি বুলি সুধা প্ৰশ্ন উত্তৰত তেওঁ কয় বিজেপি এনেকুৱা এটা ৰাজনৈতিক দল যিটো দলে আইন-কানুন একো নামানে। দেশৰ আইন-কানুন তেওঁলোকৰ মতে কৰিব বিচাৰে। অৰ্থাৎ আইনবিৰোধী স্বৈৰাচাৰী চৰকাৰ হৈছে বিজেপি বুলিও অভিহিত কৰে ডক্টৰ গোহাঁইয়ে।
আনহাতে ভোটদানৰ সম্পৰ্কত ৰাইজক উদেশ্য কৰি তেওঁ কয় 'ন’টা' আৰু নিৰ্দলীয়া প্ৰাৰ্থীক ভোট দি নিজৰ ভোটতো নষ্ট নকৰিবলৈ আহ্বান জনায়। এতিয়া দেশৰ ডাঙৰ বিপদ। এই বিপদৰ সময়ত প্ৰত্যেকজন নাগৰিকে নিজৰ দায়িত্ব পালন কৰিব লাগে বুলি আহ্বান জনায়। তেওঁ নিৰ্দলীয়া প্ৰাৰ্থীৰ প্ৰসংগ উথাপন কৰি কয় নিৰ্দলীয় প্ৰাৰ্থীৰ কোনো কাম নাই।
সদনত যেতিয়া গুৰুত্বপূৰ্ণ প্ৰসংগ উথাপন হয় সেই সময়ত নিৰ্দলীয়া প্ৰাৰ্থীয়ে যিকোনো এটা পক্ষ গ্ৰহণ কৰিব লগা হয়। অৰ্থাৎ ভোটদানৰ সময়ত তেওঁ এটা পক্ষত থাকি ভোট দিব লাগে বুলি উল্লেখ কৰে।