গুৱাহাটীঃ ঘোষিত হ’ল উচ্চতৰ মাধ্যমিকৰ ২০১৯ বর্ষ চূড়ান্ত পৰীক্ষাৰ ফলাফল। কলা শাখাত জিলা হিচাপত সৰ্বাধিক ৮৯.৫২ শতাংশ উত্তীৰ্ণৰে প্ৰথমস্থানত পুনৰ জিলিকিল বানে গৰকা ধেমাজি। জিলাখনৰপৰা এইবাৰ মুঠ অৱৰ্তীন হৈছিল ৬০৩১ গৰাকী পৰীক্ষাৰ্থী। তাৰে ৩১০ গৰাকী প্ৰথম বিভাগ, ২০৭০ গৰাকী দ্বিতীয় বিভাগ আৰু ৩০১৯ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। জিলাখনত মুঠ উত্তীৰ্ণ হৈছে ৫৩৯৯ গৰাকীৰ ছাত্ৰ-ছাত্ৰী।
কলা শাখাত উত্তীৰ্ণ সৰ্বনিম্ন জিলা হৈছে চিৰাং। জিলাখনত উত্তীৰ্ণৰ হাৰ ৫৬.৩৬ শতাংশ। এইবাৰ জিলাখনৰপৰা মুঠ ৩১১২ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱৰ্তীণ হৈছিল। তাৰে ২১০ গৰাকী প্ৰথম বিভাগ, ৫৩২ গৰাকী দ্বিতীয় বিভাগ আৰু ১০১২ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। জিলাখনত মুঠ উত্তীণ হৈছে ১৭৫৬ গৰাকী ছাত্ৰ-ছাত্ৰী।