গুৱাহাটীঃ তৃতীয় পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনৰ বাবে গুৱাহাটীৰপৰা চলিবলগীয়া দূৰণিবটীয়া বাছসেৱাৰ ক্ষেত্ৰত প্ৰশাসনৰ গুৰুত্বপূৰ্ণ নির্দেশনা।
অহা ২০ এপ্ৰিলৰপৰা ২৩ এপ্ৰিললৈকে গুৱাহাটীৰপৰা চলাচল কৰিবলগীয়া দূৰণিবটীয়া বাছ সেৱাসমূহ আইএছবিটিৰ পৰিৱৰ্তে চলিব খানাপাৰা আৰু জালুকবাৰী-আদাবাৰীৰপৰা। প্ৰশাসনে জাৰি কৰা এক নির্দেশ অনুসৰি উক্ত দিনকেইটাত উজনিমুৱা বাছসমূহ আইএছবিটিৰ পৰিৱৰ্তে চলাচল কৰিব খানাপাৰাৰপৰা আৰু নামনিমুৱা বাছসমূহ চলাচল কৰিব আদাবাৰী আৰু জালুকবাৰীৰপৰা।