গুৱাহাটীঃ নিৰ্বাচনী কৰ্তব্যত সাংবাদিকসকল কিদৰে সচেতন হ’ব লাগে সেই বিষয়ে সজাগতা সৃষ্টিৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবত এক কৰ্মশালা আয়োজন কৰা হয়।
সমাগত নিৰ্বাচনত সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে আৰু এই বিশাল নিৰ্বাচনী প্ৰক্ৰিয়া বা-বাতৰিৰ পৰিৱেশনৰ ক্ষেত্ৰত সাংবাদিকে সাৱধানতা অৱলম্বনৰ প্ৰয়োজনীয়তা আছে। নিৰ্বাচনত বিভিন্ন পক্ষই নিজৰ সপক্ষে বাতৰি প্ৰকাশৰ বাবে ভুল তথ্য যোগান ধৰে। সেয়ে সংবাদ মাধ্যম এই ক্ষেত্ৰত সচেতন নহ’লে তেনে তথ্যই চৰকাৰ গঠনৰ প্ৰক্ৰিয়াত ক্ষতিকাৰক হ’ব পাৰে।