গুৱাহাটীঃ অৱশেষত বুধবাৰে প্ৰকাশ পালে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অতিৰিক্ত কৰ্তন খচৰা। কৰ্তন খচৰাত নাম আহিছে ১ লাখ ২ হাজাৰ ৪৬২ জনৰ নাম। উল্লেখ যে পূৰ্বতে এনআৰচি তালিকাত অন্তৰ্ভুক্ত হোৱা বহুলোকৰ নাম আহিছে এই কৰ্তন তালিকাত। কৰ্তন তালিকাত নাম অন্তভুক্তি হোৱা সকলৰ ভিতৰত আছে ডি ভোটাৰ, ঘোষিত বিদেশী, বিদেশী ন্যাধিকৰণত গোচৰ চলি থকা ব্যক্তিৰ নাম। ইফালে আজি প্ৰকাশ পোৱা তালিকাত অহা নাই দাবী আৰু আপত্তি নিষ্পত্তিৰ ফলাফল।
গুৰুত্বপূৰ্ণ কথা এই যে আজি কৰ্তন তালিকাত অন্তভুক্তি হোৱা লোকসকলক পুনৰ দিয়া হ’ব দাবী-আপত্তিৰ সুযোগ। সেই অনুসৰি তেওঁলোকে এনআৰচি সেৱা কেন্দ্ৰত অহা ১১ জুলাইলৈকে দাবী উথাপন কৰিব পাৰিব। এই সন্দৰ্ভত আজি তালিকাত নাম সোমোৱা ব্যক্তিসকললৈ জাননী জাৰি কৰা হ’ব।