গুৱাহাটীঃ কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ পদত থকাৰ পাছতো লজ্জাজনকভাৱে যৌন কেলেংকাৰীত অভিযোক্ত হোৱা নগাঁৱৰ সাংসদ ৰাজেন গোহাঁইৰ বিৰুদ্ধ সৰব হৈছে জনতাৰ লগতে বিভিন্ন দল-সমগঠন। এইবাৰ কৃষক শ্ৰমিক উন্নয়ন পৰিষদেও মন্ত্ৰীজনৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে।
মঙলবাৰে এক সংবাদ মেল সম্বোধন কৰি সংগঠটোৰ সভাপতি প্ৰদীপ কলিতাই বিস্ফোৰণ ঘটাই কয় নগাঁও লোকসভাৰ সমষ্টিৰ জীয়ৰী-বোৱাৰীসকল এতিয়া যৌন কেলেংকাৰীত জড়িত গোহাঁইৰপৰা শান্তি নোহোৱা হৈছে। দুৰ্নীতি-ভ্ৰষ্টাচাৰিৰ তথা যৌন কেলেংকাৰীত জড়িত ৰাজেন গোহাঁই বিগত চাৰিটা কাৰ্যকাল নগাঁও লোকসভা সমষ্টিৰপৰা সাংসদ হিচাপে নিৰ্বাচিত হ’ল। কিন্তু চাৰিটা বছৰে ভ্ৰষ্টাচাৰি সাংসদজনে উন্নয়নৰ পুঁজি সমষ্টিৰ উন্নয়নৰ বাবে খৰচ নকৰিলে।