গুৱাহাটীঃ দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনত নতুন অভিলেখ ৰচনা কৰিলে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপিয়ে। চৰকাৰ গঠনৰ বাবে প্ৰয়োজন হোৱা মেজিক নম্বৰ ২৭২ অতিক্ৰম কৰি বিজেপিয়ে অকলেই দখল কৰিলে ৩০৩ খন আসন। বিজেপিৰ এই জয়যাত্ৰাত উৎফুল্লিত এতিয়া দলটোৰ প্ৰতিগৰাকীৰ সমৰ্থক-কর্মী।
ইফালে দলটোৰ এই সফলতাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে সন্ধিয়া পাঁচ বজাত আহ্বান কৰিছে গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক। উল্লেখ্য যে এই কেবিনট বৈঠকত পৰৱৰ্তী চৰকাৰ গঠনৰ বাট মুকলি কৰিবলৈ পদত্যাগৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে।