গুৱাহাটীঃ বিজেপি চৰকাৰৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমীয়া জাতিক ৰক্ষাৰ কৰাৰ বাবে একেলগ হোৱা ৭০ সংগঠনৰপৰা আঁতৰি আহিছে ঐক্য সেনা অসম। বৰ্তমান নাগৰিকত্ব সংশোধনী বিধেয়কৰ ইছ্যুটো নাই বা ইয়াৰ বিৰুদ্ধে আন্দোলনো নাই। সেয়ে ৭০ সংগঠনৰপৰা ওলাই আহা বুলি ঘোষণা কৰে ঐক্য সেনা অসমে।

বুধবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবৰ ৭০ সংগঠনৰ অংশীদাৰ সংগঠনটোৰ মুখ্য সম্পাদক শ্বাহিদুল ইছলামে এক সংবাদ মেল সম্বোধন কৰি কয় যে জাতিৰ স্বাৰ্থত ৭০ সংগঠনৰ প্ৰতিনিধিৰ লগত ঐক্য সেনা অসমৰো প্ৰতিনিধি দিল্লীৰ সংসদ ভৱনৰ সন্মুখত উলংগ প্ৰতিবাদ কৰিবলৈ গৈছিল। এই প্ৰতিবাদৰ লগতে গণতীন্ত্ৰিক আন্দোলন কৰি অসমবাসী ৰাইজৰ সহযোগত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ৰোধ কৰিবলৈ সক্ষম হৈছিল।

কিন্তু বৰ্তমান সময়ত বিধেয়কৰ ইছ্যুটো নাই আৰু তাৰ বাবে আন্দোলনো নাই। সেয়ে সংগঠনৰ মূল আদর্শ জীয়াই ৰখাৰ স্বাৰ্থত ৭০ সংগঠনৰপৰা ওলাই আহা বুলি ঘোষণা কৰে সংগঠনটোৱে। 

তেওঁ লগতে কয় যে ৭০ সংগঠনেৰে জড়িত বহু সংগঠনে এতিয়া মুকলিকৈ সমৰ্থন কৰিছে ৰাজনৈতিক দলক অথবা নেতা এতিয়া জড়িত হৈছে নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰাৰ ৰাজনৈতিক দলত। তাৰ ফলত ৭০ সংগঠৰ ওপৰত কিছু দাগ পৰা পৰিলক্ষিত হৈছে। সেই দাগত যাতে ঐক্য সেনা অসমৰ গাত নালগে তাৰ বাবে সংগঠনটো ওলাই আহিছে বুলি জানিবলৈ দিয়ে।

ভৱিষ্যতে জাতিৰ স্বাৰ্থত পুনৰ ঐক্যবদ্ধ হ’বলগীয়া হ’লে সেয়া বিবেচনা কৰা হ’ব বুলিও উল্লেখ কৰে।
 
আনহাতে আগন্তক নিৰ্বাচনৰ ঐক্য সেনা অসমে কি ভূমিকা গ্ৰহণ কৰিব বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁলোকে কয় যি ৰাজনৈতিক দলে অসমৰ বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰ হিচাপে ঘোষণা কৰাৰ পক্ষত থাকিব। লগতে অসমৰ বিভিন্ন সমস্যাৰ যেনে নিবনুৱা সমস্যা, গৰাখহনীয়া সমস্যা আৰু অন্যান্য জাতীয় সমস্যাসমূহ সমাধান কৰাৰ বাবে ব্যৱস্থা লোৱা দলক যোগ্যতাৰ ভিত্তিত সমৰ্থন কৰিব বুলি জানিবলৈ দিয়ে। প্ৰয়োজনত নিৰ্দলীয়া প্ৰাৰ্থীকো জয়ী কৰাবলৈ অসমৰ ৰাইজক আহ্বান জনাব বুলিও সংগঠনটোৱে দোহাৰে।