গুৱাহাটীঃ ওড়িশাৰ উপকূলত ‘ফনি’ৰ ধ্বংসলীলাৰ পাছত অসমতো জাৰি কৰা হৈছে বিশেষ সতৰ্কবাণী। সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীকে ধৰি ব্ৰহ্মপুত্ৰত চলাচল কৰা ফেৰী সন্দৰ্ভত প্ৰশাসনে জাৰি কৰিছে বিশেষ সতৰ্ক।
সেই অনুসৰি শনিবাৰে আৰু দেওবাৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ব্ৰহ্মপুত্ৰত চলাচল কৰা সকলো ফেৰীসেৱা সম্পূৰ্ণ ৰূপে বন্ধ কৰা হৈছে। ইয়াৰ উপৰিও ধুবুৰী, যোৰহাট, মাজুলী, ডিব্ৰুগড়, শোণিতপুৰকে ধৰি প্ৰতিখন জিলাতে ব্ৰহ্মপুত্ৰত চলাচল কৰা নাও চলাচলত বাধা আৰোপ কৰা হৈছে।