Home ৰাজ্যএতিয়া পলাতক গুৱাহাটীৰ বিস্ফোৰণৰ অন্যতম অভিযুক্ত বিজয় অসম

এতিয়া পলাতক গুৱাহাটীৰ বিস্ফোৰণৰ অন্যতম অভিযুক্ত বিজয় অসম

by News Desk
73 views
A+A-
Reset

গুবাহাটীঃ বুধবাৰে মহানগৰীত সংঘটিত হোৱা ভয়ংকৰ গ্ৰেনেড বিস্ফোৰণৰ পাছত ১৬ মে’ৰ দিনা অসম আৰক্ষীয়ে বিস্ফোৰণৰ সৈতে জড়িত থকা সন্দেহত পাঞ্জাবাৰীৰ ভাড়াঘৰৰপৰা প্ৰাক্তন আলফা নেতা প্ৰাণময় ৰাজগুৰু আৰু অভিনেত্ৰী জাহ্নৱী শইকীয়াক গ্ৰেপ্তাৰ কৰাৰ পাছতে অসম আৰক্ষীয়ে লাভ কৰিছে কেতবোৰ ভয়ংকৰ তথ্য।

জাহ্নৱী আৰু প্ৰাণময় ৰাজগুৰু স্বীকাৰোক্তিৰ ভিত্তিত শুকুৰবাৰে গোলাঘাটৰ মেৰাপানীৰপৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰাক্তন আলফা কেডাৰ অমৃত বল্লভ গোস্বামীক। উল্লেখ যে গ্ৰেপ্তাৰ কৰা অমৃত বল্লভ গোস্বামী আছিল আলফা বোমা বিশেষজ্ঞৰ লগতে গুৱাহাটীৰ বিস্ফোৰণৰ বোমা যোগানকাৰী আৰু বিভিন্ন সময়ত অস্ত্ৰ যোগানকাৰী। এই কথা জানিবলৈ দিছে মহানগৰীৰ আৰক্ষীৰ আয়ুক্ত দীপক কুমাৰে। ইয়াৰ উপৰি তেওঁ কয়, জাহ্নৱী আৰু প্ৰাণময়ৰ স্বীকাৰোক্তিৰ ভিত্তিত শুকুৰবাৰে নগাঁৱৰ পুৰণিগুদামৰপৰা গ্ৰেপ্তাৰ কৰা হৈছে আন এজন অভিযুক্ত ইন্দ্ৰমোহন বৰাক।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0