গুবাহাটীঃ বুধবাৰে মহানগৰীত সংঘটিত হোৱা ভয়ংকৰ গ্ৰেনেড বিস্ফোৰণৰ পাছত ১৬ মে'ৰ দিনা অসম আৰক্ষীয়ে বিস্ফোৰণৰ সৈতে জড়িত থকা সন্দেহত পাঞ্জাবাৰীৰ ভাড়াঘৰৰপৰা প্ৰাক্তন আলফা নেতা প্ৰাণময় ৰাজগুৰু আৰু অভিনেত্ৰী জাহ্নৱী শইকীয়াক গ্ৰেপ্তাৰ কৰাৰ পাছতে অসম আৰক্ষীয়ে লাভ কৰিছে কেতবোৰ ভয়ংকৰ তথ্য।

জাহ্নৱী আৰু প্ৰাণময় ৰাজগুৰু স্বীকাৰোক্তিৰ ভিত্তিত শুকুৰবাৰে গোলাঘাটৰ মেৰাপানীৰপৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰাক্তন আলফা কেডাৰ অমৃত বল্লভ গোস্বামীক। উল্লেখ যে গ্ৰেপ্তাৰ কৰা অমৃত বল্লভ গোস্বামী আছিল আলফা বোমা বিশেষজ্ঞৰ লগতে গুৱাহাটীৰ বিস্ফোৰণৰ বোমা যোগানকাৰী আৰু বিভিন্ন সময়ত অস্ত্ৰ যোগানকাৰী। এই কথা জানিবলৈ দিছে মহানগৰীৰ আৰক্ষীৰ আয়ুক্ত দীপক কুমাৰে। ইয়াৰ উপৰি তেওঁ কয়, জাহ্নৱী আৰু প্ৰাণময়ৰ স্বীকাৰোক্তিৰ ভিত্তিত শুকুৰবাৰে নগাঁৱৰ পুৰণিগুদামৰপৰা গ্ৰেপ্তাৰ কৰা হৈছে আন এজন অভিযুক্ত ইন্দ্ৰমোহন বৰাক।

তেওঁ জাহ্নৱী আৰু প্ৰাণময় লগত বিস্ফোৰণৰ ৬-৭ দিন আগৰপৰা উক্ত কূটাঘাতৰ পৰিকল্পনা কৰিছিল। লগতে আলফাৰ সৈতে যোগাযোগ ৰক্ষা কৰিছিল। ইয়াৰ উপৰি বোমা বিস্ফোৰণৰ দিনা বিস্ফোৰণৰ সৈতে জড়িত থকা বিজয় অসম নামৰ আন এজন আলফা নেতাক তেওঁ নগাঁৱৰপৰা গোলাঘাটলৈ লৈ গৈছিল। 

গ্ৰেনেড বিস্ফোৰণ সৈতে জড়িত থকাৰ লগতে উক্ত দিনা বিস্ফোৰণটো যিয়ে সংঘটিত কৰিছিল তেওঁৰ লগত গোটেই দিনটো থাকি ৰাজগুৰু আৰু জাহ্নৱীয়ে বিস্ফোৰণৰ পৰিকল্পনা কৰাৰ লগত জড়িত থকা অপৰাধত গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰপৰা চিন্ময় লহকৰ নামৰ এজন আলফাত নতুনকৈ যোগদান কৰা সদস্যক শনিবাৰে পুৱা গ্ৰেপ্তাৰ কৰা হৈছে।

এই তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পাছত এতিয়া গ্ৰেনেড বিস্ফোৰণ সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত সংখ্যা হৈছেগৈ পাঁচজন। ইফালে আৰক্ষী আয়ুক্ত দীপক কুমাৰে জানিবলৈ দিয়ে এই ঘটনাৰ সৈতে জড়িত থকা আৰু বহুতকে এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ বাকী আছে। তাৰ ভিতৰত গ্ৰেনেড বিস্ফোৰণ সংঘটিত কৰাৰ সময়ত ঘটনাস্থলীতে থকা অন্যতম অভিযুক্ত আলফা নেতা বিজয় অসম আছে। সেই সকলৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে আয়ুক্ত গৰাকীয়ে।