75
গুৱাহাটীঃ অৱশেষত লোকসভাৰ নিৰ্বাচনৰ ব্যৰ্থতা প্ৰকাশ কৰি কংগ্ৰেছৰ হাইকামান্দলৈ পদত্যাগ-পত্ৰ প্ৰেৰণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই। তেওঁ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰিছে এই পদত্যাগ-পত্ৰ।
উল্লেখ যে পত্ৰখনত ৰিপুন বৰাই লোকসভাৰ নিৰ্বাচনত অসমত দলটোৰ ব্যৰ্থতা কথা উল্লেখ কৰাৰ লগতে দলটোক নেতৃত্ব দিয়াত তেওঁ ব্যৰ্থতা হোৱা কথাও উল্লেখ কৰিছে।