55
গুৱাহাটীঃ ৰঙিয়াৰ উদিয়ানাত কন্ঠশিল্পী সুবাসনা দত্তৰ বাহন দুর্ঘটনাগ্রস্ত। বিহু অনুষ্ঠান কৰি গুৱাহাটীলৈ উভতাৰ পথত সংঘটিত হোৱা এই দুর্ঘটনাত শিল্পীগৰাকীৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
বৰ্তমান তেওঁ গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছে। কণ্ঠশিল্পীগৰাকীৰ সৈতে এই দুর্ঘটনাত আহত হয় সুবাসনা দত্তৰ মেনেজাৰ শেখৰ জ্যোতি বৈশ্যও।