গুৱাহাটীঃ বি জে পিয়ে দুৰ্নীতিৰ ক্ষেত্ৰত কংগ্ৰেছ দলক কেতিয়াবাই পিছ পেলালে। এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। গগৈৰ মন্তব্যত প্ৰকাশ পাইছে কংগ্ৰেছে দুৰ্নীতি কৰিছিল আৰু এতিয়াৰ বি জে পি চৰকাখনে ভ্ৰষ্টাচাৰৰ ক্ষেত্ৰত কংগ্ৰেছকো চেৰ পেলাইছে।
দুৰ্নীতিমুক্ত অসমৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰখন এতিয়া সম্পূৰ্ণ ব্যৰ্থ। তাৰেই উদাহৰণ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত সংঘটিত হোৱা নিযুক্তি কেলেংকাৰী। এই গুৰুত্বপূৰ্ণ মন্তব্যও কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে।