ডিমৌঃ অসমৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কে যি সময়ত কঁপালৰ কেঁচা ঘাম মাটিত পেলাই ক্ষুদ্ৰ চাহ বাগিচাত উৎপাদিত কেঁচা চাহপাতৰ উচিত মূল্য নাপাই হাহাকাৰ কৰি ৰাজপথত চাহপাত পেলাই দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে তেনে সময়তে নতুন আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে এখন ব্যতিক্ৰমী চাহ বাগিছাই।
উজনি অসমৰ এই ব্যতিক্ৰমী চাহ বাগিছাখন হৈছে ডিমৌৰ গোঁহাইবাৰী চাহ বাগিছা। বাগিছাখনে গুণগত মানৰ চাহপাত উৎপাদনৰে গ্ৰাহকৰ মন জয় কৰিবলৈ সমৰ্থ হোৱাৰ লগতে চাহ শ্ৰমিকসকলৰ বাবেও আশা ভৰসাৰ কেন্দ্ৰস্থল হৈ পৰিছে।