53
চাবুৱাঃ ডিব্ৰুগড় জিলাৰ ডিকমৰ মদাৰখাত চাহ বাগিছাত আজি শ্ৰমিকসকলে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ শ্ৰমিকসকলে আজি বাগিছাৰ কামত ন’গৈ বাগিছাৰ কাৰ্যালয়ৰ সন্মুখত এঘন্টা ধৰ্না দি বাগিছাখনত উত্তাল পৰিবেশৰ সৃষ্টি কৰে৷
বাগিছা কৰ্তৃপক্ষক শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা, সময়মতে দৰমহা প্ৰদান কৰা আদি দাবী উত্থাপন কৰি আহিছিল যদিও বাগিছা কৰ্তৃপক্ষই গুৰুত্ব আৰোপ নকৰাত ক্ষোভিত শ্ৰমিকসকলে ধৰ্না দিব লগা হয়৷