newsnextone.com | মৰিয়নীঃ যোৰহাটা জিলাৰ অসম-নগালেণ্ড সীমান্তত অসমৰ এগৰাকী চাহ বাগিচাৰ পৰিচালকৰ ঘৰলৈ লক্ষ্য কৰি গুলিবৰ্ষণ কৰাৰ খবৰ আহিছে। জানিব পৰা মতে, মঙলবাৰে পুৱাৰে ভাগত মৰিয়নীৰ অসম-নগালেণ্ড সীমান্তৰ এখন চাহ বাগিচাৰ মালিকৰ ঘৰলৈ লক্ষ্য কৰি নগা দুৰ্বৃত্তই গুলী চালনা কৰে৷ এই খবৰ লাভ কৰাৰ পিছতে ঘটনা স্থলীলৈ অসম আৰক্ষী দল ৰাওনা হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে,  কিছুদিন পূৰ্বে ৰণখাম চাহ বাগিচাৰ মালিকক নগা দুৰ্বৃত্তই ৫০ লাখ টকা ধন দাবী কৰিছিল। দাবী কৰা ধন ধন আদায় দিবলৈ সকিয়াই আহিছিল দুৰ্বৃত্তই। তাৰ মাজতে দাবী কৰা ধন আদায় নিদিয়াৰ বাবে ৰণখাম চাহ বাগিচাৰ পৰিচালক প্ৰদীপ ফুকনক লক্ষ্য কৰি মঙলবাৰে পুৱাই গুলিচালনা কৰে। ফলত সমগ্ৰ অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে। 

অভিযোগ মতে, মৰিয়নীত নগাই পুনৰ তাণ্ডৱ আৰম্ভ কৰিছে। নগা দুৰ্বৃত্তই ৰণখাম চাহ বাগিচাৰ পৰিচালক প্ৰদীপ ফুকনে নগা দুৰ্বৃত্তই পৰা ৫০ লাখ টকা ধন দাবী কৰিছিল বুলি জানিবলৈ দিয়ে৷ সামৰিক পোচাকত আহি ৪ জাঁই গুলিবৰ্ষণ কৰাৰ ফলত৷ কথমপি প্ৰাণৰক্ষা পৰে প্ৰদীপ ফুকনৰ৷ যোৰাহাট আৰক্ষীৰ উচ্চ উচ্চপদস্থ বিষয়া ঘটনা স্থলিত উপস্থিত হৈ নগাৰ দুৰ্বৃত্তক জালত পেলাবলৈ অভিযান আৰম্ভ কৰিছে। আৰক্ষীৰ বৃহৎ দল উক্ত ঠাইত মোতায়ান কৰা হৈছে৷