ফিল’বাৰীঃ ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক তীব্ৰ সংকটত পৰিছে৷ দিনে দিনে চৰম সংকটত পৰিছে ক্ষ্ষুদ্ৰ চাহ খেতিয়ক সকল৷ উচিত মূল্যৰ অভাৱত কোনো কোনো ঠাইত খেতিয়কে কাটি পেলাইছে বিঘাই বিঘাই চাহ খেতি, আৰু কোনো ঠাইত যথোচিত মূল্য নাপাই ৰাজপথত চাহ পাত পেলাই দিয়াৰ লগতে আন একাংশ কৃষকে বাগানৰ চাহ পাত ছিঙিবলৈকে বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷
সমগ্ৰ অসমৰ লগতে তিনিচুকীয়া জিলাতো সেউজীয়া সোণ স্বৰূপ কেঁচা চাহ পাতৰ মূল্য অভাৱনীয়ভাৱে হ্ৰাস পাবলৈ ধৰিছে৷ যোৱা প্ৰায় এমাহ ধৰি জিলাখনৰ সহস্ৰাধিক চাহ খেতিয়কে চাহৰ এটা সন্মানজনক দৰ লাভ কৰাৰ পৰা বঞ্চিত হোৱাত ভীতিগ্ৰস্ত হৈ পৰিছে সমুহ চাহ খেতিয়ক৷ জিলা খনত হঠাতে কেঁচা পাতৰ দাম ১৫/১৬ টকাৰ পৰা অৱনমিত হৈ ৭/৮ টকা হোৱাত প্ৰতি কিলোগ্ৰাম হোৱাত উৎপাদিত ব্যয় লাভ কৰিবলৈকো সক্ষম হোৱা নাই কৃষক সকল।