Home ৰাজ্যচাহ শ্ৰমিকক পেটে ভাতে মাৰিব বিজেপি চৰকাৰেঃ লক্ষীকান্ত

চাহ শ্ৰমিকক পেটে ভাতে মাৰিব বিজেপি চৰকাৰেঃ লক্ষীকান্ত

by News Desk
75 views
A+A-
Reset

বিহালীঃ চাহ শ্ৰমিকৰ হৈ সংগ্ৰাম কৰি অহা অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বিশ্বনাথ চক্ৰৰ চতুৰ্থ বাৰ্ষিক অধিবেশন খন আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়৷ বিহালীৰ বৰগাংস্থিত বিষ্ণুৰাভা ৰংগমঞ্চৰ প্ৰাংগনত  অনুষ্ঠিত অধিবেশনৰ পুৱা উদযাপন সমিতিৰ সভাপতি কমল প্ৰজাই পতাকা উত্তোলনেৰে কাৰ্যসুচীৰ শুভৰাম্ভ কৰে৷ তাৰ পাছতে কেইবাশতাধিক লোকৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়৷ সভাত নৰোত্তম চূণ্ডীক সভাপতি, ৰঞ্জিত কৰ্মকাৰক উপ-সভাপতি, কৃষ্ণ পাইকক সম্পাদক, সাজেন খেৰোৱাক সহকাৰী সম্পাদক হিচাপে লৈ আগুন্তুক দুবছৰৰ বাবে এখন সমিতি গঠন কৰা হয়৷

অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘই ৰাজ্য জুৰি পালন কৰা ধিক্কাৰ দিৱস এই অধিবেশনতে সংগঠনটোৱে পালন কৰে৷ ধিক্কাৰ দিৱসৰ সৈতে সংগতি ৰাখি সংগঠনটোয়ে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে৷ সভাত শ্ৰমিক নেতা লক্ষীকান্ত কূৰ্মীয়ে জাতি-মাটি-ভেঁটিৰ কথা কৈ কৰি চৰকাৰ গঠন কৰা বিজেপি চৰকাৰে জাতী ধ্বংস কৰাৰ গভীৰ ষড়যন্ত্ৰ কৰা বুলি গুৰুতৰ অভিযোগ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0