newsnextone.com | বিহালীঃ শনিবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ল চাব শ্ৰমিকৰ ‘জাগৰণ সপ্তাহ’৷ অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ, চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতি, আদিবাসী ছাত্র সন্থা আদি সংগঠনৰ উদ্যোগত ‘জাগৰণ সপ্তাহ’ শীৰ্ষক বাইক ৰেলী উলিয়াই চৰকাৰে কৰি অহাৰ বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব ৰাজ্যৰ চাহ শ্ৰমিকে৷
এই কাৰ্যসূচী সমগ্ৰ অসমত ২২ জুনৰ পাৰ আৰম্ভ হৈছে আৰু ২৮ জুনলৈ চলি থাকিব বুলি জানিবলৈ দিয়ে অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘই৷ সমগ্ৰ ৰাজ্যৰ আদিবাসী যুৱ সমাজে জাগৰণ সপ্তাহত অংশ লয়৷ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে অসমৰ চাহ বাগিচা এলেকা উত্তাল কৰি তোলে৷