newsnextone.com | বিহালীঃ শনিবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ল চাব শ্ৰমিকৰ ‘জাগৰণ সপ্তাহ’৷ অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ, চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতি, আদিবাসী ছাত্র সন্থা আদি সংগঠনৰ উদ্যোগত ‘জাগৰণ সপ্তাহ’ শীৰ্ষক বাইক ৰেলী উলিয়াই চৰকাৰে কৰি অহাৰ বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব ৰাজ্যৰ চাহ শ্ৰমিকে৷

এই কাৰ্যসূচী সমগ্ৰ অসমত ২২ জুনৰ পাৰ আৰম্ভ হৈছে আৰু ২৮ জুনলৈ চলি থাকিব বুলি জানিবলৈ দিয়ে অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘই৷ সমগ্ৰ ৰাজ্যৰ আদিবাসী যুৱ সমাজে জাগৰণ সপ্তাহত অংশ লয়৷ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে অসমৰ চাহ বাগিচা এলেকা উত্তাল কৰি তোলে৷

উল্লেখ্য যে, ২০১৭ চনৰ ৩১ ডিচেম্বৰত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ ম্যাদ অন্ত পৰে৷ ২০১৮ চনৰ ১ জানুৱাৰীৰ পৰা চাহ শ্ৰমিকসকলে বৰ্দ্ধিত মজুৰি লাভ কৰিব লাগিছিল যদিও চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ বাবেই পুনৰ আন্দোলন কৰে চাহ শ্ৰমিকসকলে৷
 
৬ মাহ উকলি যোৱাৰ পিচতো বিজেপি চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব নকৰাত চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিয়ে আন্দোলনৰ কাৰ্যসুচী ঘোষণা কৰে৷ সমগ্ৰ অসম জুৰি চাইকেল, মটৰ চাইকেল ৰেলী কৰাৰ অন্তত ২৮ জুনত শিৱসাগৰৰ ডিমৌত এক সমাবেশৰ অনুষ্ঠিত কৰি এই প্ৰচাৰ অভিযানৰ অন্ত পৰিব৷ 

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিৰ আহ্বানত সমগ্ৰ অসমৰ লগতে বিশ্বনাথ জিলাতো জাগৰণ সপ্তাহ বাইক ৰেলী উলিয়াই পালন কৰা হয়৷ অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ মুখ্য কাৰ্যালয়ৰ পৰা উলিওৱা বাইক ৰেলী মুকলি কৰে চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিৰ মুখ্য আহ্বায়ক বিবেক দাসে৷ যৌথ সংগ্ৰাম সমিতিৰ মুখ্য আহ্বায়ক বিবেক দাসে শ্ৰম মন্ত্রী পল্লৱলোচন দাসৰ ভাষণ আৰু হাঁহিৰে ঘৰ চলাব নোৱাৰে হৈছে বুলি কয়৷ চাহ শ্ৰমিকসকলে মোডীৰ অচ্চে দিনত বজাৰত বস্তু কিনিব নোৱাৰাৰ লগতে আৰু লৰা-ছোৱালীৰ খৰছৰ বাবে ঘৰ চলাব নোৱাৰা হোৱা বুলি ক্ষোভ উজাৰে৷

বিজেপি চৰকাৰে নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকসকলক দিয়া প্ৰতিশ্ৰুতি ভংগ কৰিছে বুলি কৈ কোম্পানীৰ সৈতে হোৱা বুজাবুজি আৰু উপদেষ্টা ব’ৰ্ডৰ বৈঠকৰ নামত চাহ শ্ৰমিকসকলক আভুৱা ভাৰি আহিছে বুলি কয় দাসে৷ এসময়ৰ আটছা নেতাগৰাকী মন্ত্ৰী হৈ এতিয়া কোম্পানীৰ পকেটত বুলি কৈ পল্লৱলোচন দাসৰ পদত্যাগৰ দাবী জনাই বিবেক দাসে৷ আনহাতে আদিবাসী ছাত্র সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ প্ৰচাৰ সম্পাদক অভিজিত চুৰিণে ভাষণ প্ৰদান কৰি কয় যে বিজেপি চৰকাৰে চাহ শ্ৰমিকসকলক প্ৰতাৰণা কৰাৰ জবাব অহা নিৰ্বাচনত দিয়া হ’ব৷

বিপ্লৱী যুৱ সন্থাৰ নেতা পৰিমল গোড়ে কয় যে বিজেপি চৰকাৰে নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব বুলি কৈ এতিয়া বিধায়ক-মন্ত্রীসকলৰহে দৰমহা বৃদ্ধি কৰিলে৷ 

শনিবাৰে প্ৰায় শতাধিক বাইকেৰে অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ আৰু আদিবাসী ছাত্র সন্থাৰ দলটোৱে মোনাবাৰী, মিজিকা, কলাপানী, জিনজিয়া, বাঘমাৰী, বৰগাঁও, বৰগাঁং, ৰঙাগড়া, বৰভীল, কেটেলা, বিহালী, বেদেতী আদি বাগিচা সমূহত গৈ শ্ৰমিকসকলৰ সৈতে আলোচনাত মিলিত হৈ চৰকাৰ কৰি অহাা বঞ্চনা সন্দৰ্ভত সজাগতা সৃষ্টি কৰে৷ এই অভিযান ২৮ জুনলৈ অব্যাহত থাকিব বুলি সংগঠনটোৱে প্ৰকাশ কৰে৷