newsnextone.com | চাবুৱাঃ ৰাজ্যৰ বহু চাহ বাগিচাৰ শ্ৰমিকে সামন্যতম সুবিধা লাভ কৰাৰ পৰা বঞ্চিত হৈ আহিছে৷ বিদ্যুতৰ পোহৰ, উপযুক্ত মজুৰি, মাটিৰ পট্টা, সন্তানৰ শিক্ষাৰ ব্যৱস্থা, ৰেচন, বিশুদ্ধ খোৱাপনী, স্বাস্থ্য সেৱা আদিৰ পৰা ৰাজ্যৰ চাহ শ্ৰমিকসকল আজিও বঞ্চিত৷ বছৰ বছৰ ধৰি ৰাজকোষ টনকীয়াল কৰি আহিছে চাহ শ্ৰমিকসকলে৷ কিন্তু জীৱন ধাৰণৰ বাবে লাভ কৰিবলগীয়া সুবিধা আজিলৈ লাভ নকৰিলে ৰাজ্যৰ বহু চাহ বাগিচাৰ শ্ৰমিকে৷
ৰাজ্যৰ বিভিন্ন চাহ বাগিচাৰ লগতে উজনিৰ ঐতিহ্যমণ্ডিত দুলীয়াজান বিধানসভা সমষ্টিৰ ডিকম চাহ বাগিচাৰ অন্তৰ্গত উল্টন চাহ বাগিচাৰ শ-শ শ্ৰমিকে বছ বছৰ ধৰি বিভিন্ন সমস্যাৰ মাজত যুঁজ দি আহিছে৷ জীৱন ধাৰণৰ নামত সামন্য সুবিধা লাভ নকৰাৰ অভিযোগ উত্থাপন কৰি আহিছে৷ চাহ শ্ৰমিকসকলৰ লগতে কৃষক মুক্তিৰ বহু প্ৰতিবাদকাৰীয়ে বাগিচাখনৰ চাহ শ্ৰমিকসকলে বিভিন্ন সমস্যা সমাধানৰ দাবী জনাই আহিছে৷ বিশেষকৈ চাহ শ্ৰমিকসকলে বছৰ বছৰ ধৰি ঘৰ সাঁজি বসবাস কৰি থকা মাটিৰ পট্টা প্ৰদান নকৰাত সন্তানৰ ভৱিষ্যত অন্ধকাৰ দেখা বুলি কয়৷