newsnextone.com | নগাঁওঃ ২০১৭ চনৰ ৩১ ডিচেম্বৰত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ ম্যাদ অন্ত পৰে৷ ২০১৮ চনৰ ১ জানুৱাৰীৰ পৰা চাহ শ্ৰমিকসকলে বৰ্দ্ধিত মজুৰি লাভ কৰিব লাগিছিল যদিও চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ বাবেই বৰ্দ্ধিত মজুৰি পাবলৈ সক্ষম হোৱা নাই ৰাজ্যৰ চাহ শ্ৰমিকসকলে৷ যাৰ ফলত বাৰে বাৰে আন্দোলন কৰিব লগা হৈছে চাহ শ্ৰমিকসকলে৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত চাহ শ্ৰমিকে প্ৰতিবাদ কৰি অহাৰ সময়তে শুকুৰবাৰে যোৰহাট জিলাৰ মৰিয়নীত চাহ শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰি ১৩৭ টকাৰ পৰিৱৰ্তে ৩৫০ টকালৈ মজুৰি বৃদ্ধিৰ  কৰাৰ দাবী জনায়৷ 

মৰিয়নীৰ কঠালগুৰিত ধোদৰ আলি পথ অৱৰোধ কৰি চাহ শ্ৰমিকৰ মজুৰি ৩৫০টকালৈ বৃদ্ধি কৰাৰ দাবী জনায়। তিনি ঘণ্টীয়া পথ অৱৰোধ কৰাত তীব্ৰ যান-জোঁটৰ সৃষ্টি হয়। আদিবাসী ছাত্ৰ সন্থা, আদিবাসী মহিলা সমিতিয়ে পথ অৱৰোধ কৰি বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। আগন্তুক নিৰ্বাচনত বিজেপিক উওৰ দিয়া হ'ব বুলি চৰকাৰ সকিয়াই দিয়ে৷ কঠালগুৰি বাগিচাৰ শ্ৰমিকসকলৰ সমস্যা সমাধান আৰু চুলাই মদ তথা লালিগুড়ৰ প্ৰচলন ৰোধ কৰিবলৈ দাবী জনায় আছা আৰু শ্ৰমিকসকলে। পথ অৱৰোধ কাৰ্যসূচীৰ জৰিয়তে মৰিয়নী-আমগুৰি নকচাৰি পথত নাগালেণ্ডৰ বহুসংখ্যক যান-বাহন আবদ্ধ হৈ পৰে।

অসমৰ চাহ শ্ৰমিক সকলক চৰকাৰে প্ৰতাৰণা কৰি অহাৰ প্ৰতিবাদত একপ্ৰকাৰ উত্তাল হৈ পৰে অসম নাগালেণ্ড সীমান্ত৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মৰিয়নীত চাহ শ্ৰমিকসকলে চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰতিবাদ  সাব্যস্ত কৰে৷ ৰাজ্যৰ শ্ৰম বিভাগৰ মন্ত্ৰীৰ অধ্যক্ষতাত চৰকাৰে গঠন কৰি দিয়া মজুৰি নিৰ্ধাৰণ উপদেষ্টা মণ্ডলীৰ এক গুৰুত্বপূৰ্ণ সভাত চাহ শ্ৰমিকৰ মজুৰি আৰু বকেয়া ঘোষণা কৰা হৈছিল ৷ 

কিন্তু আজিকোপতি সেই ঘোষণা কাৰ্যকৰী নোহোৱাত চৰকাৰক শ্ৰমিক বিৰোধী আখ্যা দি অসন্তুষ্ট হৈ পৰিছে শ্ৰমিকসকল৷ শুকুৰবাবে পুৱা বাগিচাৰ কাম এৰি কাৰ্যালয়ৰ সন্মুখত শ্ৰমিকসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে৷