newsnextone.com | নগাঁওঃ ২০১৭ চনৰ ৩১ ডিচেম্বৰত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ ম্যাদ অন্ত পৰে৷ ২০১৮ চনৰ ১ জানুৱাৰীৰ পৰা চাহ শ্ৰমিকসকলে বৰ্দ্ধিত মজুৰি লাভ কৰিব লাগিছিল যদিও চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ বাবেই বৰ্দ্ধিত মজুৰি পাবলৈ সক্ষম হোৱা নাই ৰাজ্যৰ চাহ শ্ৰমিকসকলে৷ যাৰ ফলত বাৰে বাৰে আন্দোলন কৰিব লগা হৈছে চাহ শ্ৰমিকসকলে৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তত চাহ শ্ৰমিকে প্ৰতিবাদ কৰি অহাৰ সময়তে শুকুৰবাৰে যোৰহাট জিলাৰ মৰিয়নীত চাহ শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰি ১৩৭ টকাৰ পৰিৱৰ্তে ৩৫০ টকালৈ মজুৰি বৃদ্ধিৰ কৰাৰ দাবী জনায়৷