শিলচৰঃ এয়া কেনে কাণ্ড? এখন বিদ্যালয়ৰ শ্ৰেণীকোঠা। এজন অৱসৰ হ’বলৈ মাজত কেইটামান বছৰ বাকী থকা আধা বয়স যোৱা এজন শিক্ষক। আৰু সেই শিক্ষকজনৰ কোলাত নিৰ্জন শ্ৰেণীকোঠাত এগৰাকী নাবালিকা ছাত্ৰী। শেহতীয়াকৈ এনে এক নিৰ্লজ ঘটনাৰ দৃশ্যই এতিয়া ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। দুৰ্ভাগ্যৰ কথা এয়ে যে এনে অবাঞ্চিত ঘটনা সংঘটিত হৈছে এইখন অসমতে।
প্ৰাপ্ত বাতৰি মতে, অসমৰ বৰাক উপত্যকাৰ হাইলাকান্দি জিলাৰ লালা অঞ্চলৰ এখন বালিকা বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। বিদ্যালয়খনৰ লম্পট শিক্ষকজনে এগৰাকী নাবালিকা ছাত্ৰীৰ সৈতে শ্ৰেণীকোঠাতে কেবাদিনো ধৰি চলাই গৈছিল ‘ফটোছেছন উইথ লাভ’। এই ‘ফটোছেছন উইথ লাভ’ৰ ৪খন ফটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।