শিলচৰঃ এয়া কেনে কাণ্ড? এখন বিদ্যালয়ৰ শ্ৰেণীকোঠা। এজন অৱসৰ হ’বলৈ মাজত কেইটামান বছৰ বাকী থকা আধা বয়স যোৱা এজন শিক্ষক। আৰু সেই শিক্ষকজনৰ কোলাত নিৰ্জন শ্ৰেণীকোঠাত এগৰাকী নাবালিকা ছাত্ৰী। শেহতীয়াকৈ এনে এক নিৰ্লজ ঘটনাৰ দৃশ্যই এতিয়া ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। দুৰ্ভাগ্যৰ কথা এয়ে যে এনে অবাঞ্চিত ঘটনা সংঘটিত হৈছে এইখন অসমতে।

প্ৰাপ্ত বাতৰি মতে, অসমৰ বৰাক উপত্যকাৰ হাইলাকান্দি জিলাৰ লালা অঞ্চলৰ এখন বালিকা বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। বিদ্যালয়খনৰ লম্পট শিক্ষকজনে এগৰাকী নাবালিকা ছাত্ৰীৰ সৈতে শ্ৰেণীকোঠাতে কেবাদিনো ধৰি চলাই গৈছিল 'ফটোছেছন উইথ লাভ’। এই 'ফটোছেছন উইথ লাভ’ৰ ৪খন ফটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

ইয়াৰে এখন ফটোত ইউনিফৰ্ম পিন্ধি থকা অৱস্থাত ছাত্ৰীগৰাকীক শিক্ষকজনে হিন্দী চিনেমাৰ প্ৰেমৰ দৃশ্যৰ দৰে পিছফালৰ পৰা কান্ধৰ ওপৰেৰে ডিঙিত সাবতি ধৰা দেখা গৈছে। ফটোখনত ছাত্ৰীগৰাকীৰ হাতত আছে এটা ঘড়ী।

ফটোকেইখন প্ৰথমে ফেচবুকৰ জৰিয়তে পোহৰলৈ অনা নাজিৰ মুহাম্মদ নামৰ যুৱকজনে জনোৱা মতে এই ফটোখন তোলা হৈছিল ২৭ জুলাইত। পঞ্চম শ্ৰেণীৰ শ্ৰেণী কোঠাত স্কুল ছুটীৰ পিছত তোলা হৈছিল ফটোখন। একেটা দিনতে তোলা হৈছিল আন এখন ফটো। এই ফটোখনতো হিন্দী চিনেমাৰ প্ৰেমৰ গানত থকা দৃশ্যৰ দৰেকৈ থকা দেখা গৈছে শিক্ষক আৰু ছাত্ৰীগৰাকীক।

ভাইৰেল হোৱা আন এখন ফটোত শিক্ষকজনে ছাত্ৰীগৰাকীক কোলাত লৈ চুম্বন কৰি থকা দেখা গৈছে। নাজিৰে জনোৱা মতে, এই ফটোখন তোলা হৈছিল ১৫ জুলাইত। শনিবাৰ আছিল বাবে ২৭ জুলাইত তোলা ফটো দুখনতকৈ এই ফটোখনৰ ইউনিফৰ্ম সুকীয়া আছিল। ছুৱেটাৰ পিন্ধা অন্তিমখন ফটোত শিক্ষকগৰাকীক ছাত্ৰীগৰাকীৰ সৈতে অসংযত অৱস্থাত থকা দেখা গৈছে। এই ফটোখন তোলা হৈছিল ৪ ফেব্ৰুৱাৰীত। সেইদিনাও শনিবাৰ আছিল বাবে ছুৰিদাৰ পিন্ধি আছিল। জানিব পৰা মতে, শনিবাৰে উক্ত অঞ্চলৰ বিদ্যালয়সমূহত ছাত্ৰীৰ ইউনিফৰ্ম ছুৰিদাৰ হোৱাৰ লগতে বাকী দিনকেইটাত সাধাৰণ ইউনিফৰ্ম থাকে।

নাজিৰে জনোৱা মতে, প্ৰথমে এই ফটোকেইখন ফেচবুকত আপলোড কৰা হৈছিল 'নজমা বেগম’ নামৰ এটা একাউণ্টৰ পৰা। 100011421948661 নম্বৰৰ এই ফেচবুক আইডিটো ফেক বুলি অনুমান কৰে নাজিৰে। তেওঁ আৰু কয় যে যিগৰাকী ছাত্ৰীৰ ফটো ভাইৰেল হৈ পৰিছে সেই ছাত্ৰীগৰাকী তেওঁৰেই ঘৰৰ ওচৰৰ।

উক্ত একাউণ্টটোত চিনাকি ছোৱালীজনীৰ ফটোকেইখন দেখি হতভম্ব হৈ পৰা যুৱকজনে ততালিকে শিক্ষকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰি নিজৰ ফেচবুক একাউণ্টত আপলোড কৰে। যুৱকজনে, লালা আৰক্ষীক লম্পট শিক্ষকজনক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰাৰ লগতে শিক্ষা বিভাগকো ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ফটোকেইখন আপলোড কৰি দিয়া উক্ত পোষ্টটোত।

ইয়াৰ পিছতে ভাইৰেল হৈ পৰে শিক্ষকজনৰ এনে অপকৰ্মৰ ফটো। ফেচবুক, হোৱাটছএপত এনে নিৰ্লজ্জ কাণ্ডৰ ফটো দেখি সকলোৱে হতভম্ব হৈ পৰে। সকলোৱে শ্ৰেণীকোঠাতে ছাত্ৰীৰ সৈতে 'ফটোছেছন উইথ লাভ’ চলাই যোৱা লম্পট শিক্ষকজনক শাস্তিৰ দাবী তোলে। এই কথা শেষত গৈ ছাত্ৰীগৰাকীৰ পিত-মাতৃৰো কাণত পৰে।

অৱশেষত যোৱা বুধবাৰে স্থানীয় লালা আৰক্ষী থানাত লম্পট শিক্ষক ফয়েজুদ্দিন লস্কৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। উক্ত এজাহাৰৰ ভিত্তিত লালা মডেল হাইস্কুলৰ শিক্ষকজনক বুধবাৰে বিয়লি আৰক্ষীয়ে আটক কৰে যদিও কিছুসময় পিছতে এৰি দিয়ে। এই লৈ স্থানীয় ৰাইজে লালা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মণিৰুল ইছলামৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। ঘটনা সন্দৰ্ভত সত্যাসত্য জানিবৰ বাবে 'নিউজ নেক্সট ৱান’ৰ তৰফৰ পৰা লালা থানালৈ 03844 244 243 নম্বৰত ফোন কৰাত এই সন্দৰ্ভত কোনো ধৰণৰ তথ্য জনোৱাৰ পৰা বিৰত থাকে ভাৰপ্ৰাপ্ত বিষয়াগৰাকী।

আনহাতে স্থানীয় ৰাইজৰ লগতে ফেচবুকত শিক্ষকজনৰ শাস্তিৰ দাবী তোলা নাজিৰ নামৰ যুৱকজনে 'নিউজ নেক্সট ৱান’ক জনাই যে ফয়েজুদ্দিন নামৰ শিক্ষকজনে ইয়াৰ পূৰ্বেও ছাত্ৰীৰ সৈতে অসামাজিক কাৰ্যকলাপত জড়িত থকাৰ বাবে ৰাইজৰ হাতত প্ৰহৃত হৈছিল।

ৰাইজৰ হাতত প্ৰহৃত হৈ শিক্ষকজনৰ হাতৰ আঙুলি বেকা হৈ পৰিছিল বুলিও স্থানীয় লোকসকলে জানিবলৈ দিছে। স্থানীয় ৰাইজৰ লগতে ছ’চিয়েল মিডিয়াযোগে সকলোৱে এনে নিৰ্লজ্জ কাণ্ড সংঘটিত কৰা শিক্ষকজনক গৰিহণা দিয়াৰ লগতে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

• In Assam a school teacher from Hailakandi takes intimate pics with student and posts them online •