newsnextone.com | নগাঁওঃ নগাঁও জিলাত সংখ্যালঘূ ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে। ২০১৩-১৪, ২০১৬-১৭ আৰু ১৭-১৮ বৰ্ষত জিলা খনত সংঘটিত হৈছে কোটি টকাৰ কেলেংকাৰী। ৱাইজুল হক চৌধুৰী নামৰ এজন সমাজকৰ্মীয়ে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে লাভ কৰা তথ্য অনুযায়ী পোহৰলৈ আহিছে এই বিয়াগোম কেলেংকাৰী।
এটি দালাল চক্ৰৰ পৰা আৰম্ভ কৰি একাংশ বিদ্যালয়ৰ প্ৰধান শিক্ষক, বিভিন্ন বেংকৰ গ্ৰাহক সেৱা কেন্দ্র, শিক্ষা বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ লগতে সংখ্যালঘূ উন্নয়ন বৰ্ডৰ একাংশ বিষয়া-কৰ্মচাৰী এই ঘোটালাৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন কৰি আহিছে বিভিন্ন দল-সংগঠনে। নগাঁও জিলাত সংঘটিত এই কোটি টকীয়া বৃহৎ কেলেংকাৰীয়ে একপ্ৰকাৰ সৃষ্টি কৰিছে জোঁকাৰণিৰ।