গুৱাহাটীঃ বিজেপি দলৰ সৈতে জড়িত হৈ থকা ছাৰ সকল ভাল৷ হয়, শিক্ষকসকলৰ কথাকে কৈছো ৷ যিসকলে বিজেপিৰ সভা, সমিতিত সহায়-সহযোগ কৰে সেই সকল শিক্ষক বিজেপিৰ বাবে বৰ আপোন৷ মৰম, আদৰ দায়িত্ব কতো কি লাভ কৰে সেই সকল শিক্ষকে৷ একাংশ শিক্ষকক কেমেৰাৰ সন্মুখত তুচ্ছ-তাচ্ছিল্য কৰাৰ লগতে বাৰে বাৰে সাৱধান কৰি দিয়ে ৰাজ্য চৰকাৰৰ শিক্ষা মন্ত্ৰীয়ে৷
কেৱল ইমানে নহয় সাংবাদিকতাৰ সৈতে জড়িত একাংশ শিক্ষককো শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকিয়াই আহিছে৷ তাৰ মাজতে ছাত্ৰ-ছাত্ৰীক নপঢ়ুৱা বাইদেউৱে ছাত্ৰ-ছাত্ৰীক পঢ়ুৱা ছাৰক দায়িত্ব দিলে বিজেপি দলৰ৷ চৰকাৰৰ পৰা দৰমহা লাভ কৰা ছাৰক বিজেপি দলৰ দায়িত্ব প্ৰদান কৰিলে হিমন্ত হতে দেখা নাপায় নতুবা কঠোৰ হোৱা দেখা নাযায়৷